মই ভুল কৰিলে কি কৰিম?



মই ভুল কৰিলে কি কৰিম?

দুজন ল’ৰাই গাড়ীখনৰ ভঙা গ্লাচখনলৈ চাই আছে

ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ
যদি আপুনি ভুলবোৰ স্বীকাৰ কৰে, তেনেহ’লে ইয়ে আপোনাক এজন দায়িত্বশীল আৰু বিশ্বাসযোগ্য ব্যক্তি হিচাপে পৰিচয় দিব।

আপুনি কি কৰিব?

কল্পনা কৰক: নিজৰ বন্ধুসকলৰ সৈতে টিমে খেলি আছিল। টিমে বলটো দলিয়াই মাৰোতে চুবুৰীয়াৰ গাড়ীখনত লাগিল আৰু তাৰ গ্লাচখন ভাঙিল।
যদি আপুনি টিমৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

আপোনাৰ ওচৰত তিনিটা উপায় আছে:
  1. ১. পলোৱা।
  2. ২. আনৰ ওপৰত দোষ জাপি দিয়া।
  3. ৩. চুবুৰীয়াক নিজৰ ভুল স্বীকাৰ কৰি, জৰিমনা দিবলৈ সাজু আছে বুলি জনোৱা।
আপুনি হয়তো প্ৰথম উপায়টো পালন কৰিবলৈ প্ৰলোভিত হ’ব। গাড়ীৰ গ্লাচ ভঙাই হওক বা অন্য কোনো বিষয়েই নহওক কিয়, নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিণাম সদায় ভাল হয়।

 ভুল স্বীকাৰ কৰাৰ তিনিটা কাৰণ

  1. ১. এনে কৰাটো উচিত।
    পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।”—ইব্ৰী ১৩:১৮.
  2. ২. যি লোকসকলে নিজৰ ভুল স্বীকাৰ কৰে, আনে তেওঁলোকক সহজে ক্ষমা কৰে।
    পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “যি মানুহে নিজৰ অপৰাধ ঢাকে, তাৰ কল্যাণ নহব; কিন্তু যি কোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে, তেওঁ কৃপা পাব।”—হিতোপদেশ ২৮:১৩.
  3. ৩. ভুল স্বীকাৰ কৰিলে ঈশ্বৰ সন্তুষ্ট হয়।
    পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “কুটিল লোক যিহোৱাৰ ঘিণলগীয়া; কিন্তু তেওঁৰ গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ লগতহে।”—হিতোপদেশ ৩:৩২.
বিশ বছৰীয়া কৰীনাই নিৰ্ধাৰিত গতিবেগৰ সীমা লংঘন কৰি গাড়ী চলোৱাৰ বাবে জৰিমনা দিয়াৰ কথাটো তাই দেউতাকক কোৱা নাছিল। কিন্তু এই কথাটো বেছি দিনলৈ গোপন হৈ নাথাকিল। তাই এইদৰে কয়, “প্ৰায় এবছৰৰ পাছত মোৰ দেউতাই জৰিমনা দিয়া চালানখন বিচাৰি পালে আৰু ইয়াৰ বাবে মোৰ বেছিহে সমস্যা হৈছিল।”
ইয়াৰ পৰা তাই কি শিক্ষা পালে? কৰীনাই উত্তৰ দিয়ে, “ভুলবোৰ গোপন কৰি ৰাখিলে সমস্যা বেছিহে হয়। পাছলৈ আপুনি আৰু বিপদত পৰিব পাৰে।”

নিজে কৰা ভুলৰপৰা কি শিকিব পাৰি

পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ।” (যাকোব ৩:১) ইতিমধ্যে আমি শিকিলোঁ যে নিজৰ ভুল স্বীকাৰ কৰা, নম্ৰতা আৰু পৰিপক্কতাৰ চিন হয়। গতিকে, যেতিয়া আমি কিবা ভুল কৰোঁ, তেতিয়া আমি লগে লগে নিজৰ ভুল স্বীকাৰ কৰা উচিত।
পৰৱৰ্তী পদক্ষেপ হৈছে, নিজৰ ভুলৰপৰা শিকা। বীৰা নামৰ এজনী ছোৱালীয়ে এইদৰে কয়, “মই কৰা প্ৰতিটো ভুলৰপৰা কিবা নহয় কিবা শিকিবলৈ চেষ্টা কৰোঁ। এই শিক্ষাই মোক এজনী ভাল ছোৱালী হ’বলৈ আৰু যদি তেনে পৰিস্থিতি আকৌ উদ্ভৱ হয়, তেনেহ’লে অন্য উপায় অৱলম্বন কৰিবলৈ সহায় কৰে।” এনে পৰিস্থিতিত আপুনি কি কৰা উচিত? আহক তাৰ বিষয়ে চাওঁ।
আপুনি দেউতাৰ মটৰ চাইকেলখন অলপ সময়ৰ বাবে চলাবলৈ লৈ যায়। কিন্তু কৰবাত খুন্দা খোৱাৰ ফলত কিবা-কিবি ভাঙিল। এতিয়া আপুনি কি কৰিব?
  • মনে মনে থাকিব আৰু দেউতাই ইয়াৰ বিষয়ে একো নজনাটো বিচাৰিব।
  • দেউতাৰ আগত নিজৰ ভুল স্বীকাৰ কৰিব।
  • দেউতাক ক’ব, কিন্তু নিজৰ দোষ আনৰ ওপৰত জাপি দিব।
ভালদৰে পঢ়া-শুনা নকৰাৰ বাবে আপুনি পৰীক্ষাত উত্তীৰ্ণ নহ’ল। এতিয়া আপুনি কি কৰিব?
  • প্ৰশ্নকাকতৰ ওপৰত দোষ দিব।
  • উত্তীৰ্ণ নোহোৱাৰ বাবে নিজে দায়িত্ব ল’ব।
  • আপোনাৰ বিৰুদ্ধে শিক্ষকৰ কিবা খং আছে বুলি দাবী কৰিব।

এগৰাকী যুৱতীয়ে গাড়ীখন চলাই থকাৰ সময়ত পাছফালৰ দৃশ্য চোৱা আইনাখনলৈ চাইছে

গাড়ীখন চলাওতে যদি আপুনি আগফালে চোৱাৰ পৰিৱৰ্তে, সৰু আইনাখনেৰে পাছফালে এৰি অহা দৃশ্যবোৰ চাই থাকে, তেনেহ’লে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বেছি। অতীতত কৰি অহা ভুলবোৰৰ বিষয়ে ভাবি থকাটোও একেদৰে হয়
 এতিয়া আগৰ পৃষ্ঠাত দিয়া কথাবোৰলৈ ধ্যান দিয়ক আৰু কল্পনা কৰক যে আপুনি (১) দেউতাৰ ঠাইত আৰু (২) শিক্ষকজনৰ ঠাইত আছে। যদি আপুনি নিজৰ ভুল লগে লগে স্বীকাৰ কৰে, তেনেহ’লে দেউতা আৰু শিক্ষকজনে আপোনাৰ বিষয়ে কি ক’ব? যদি আপুনি নিজৰ ভুল লুকুৱাই ৰাখে, তেনেহ’লে আপোনাৰ বিষয়ে তেওঁলোকে কি ভাবিব?
যোৱা বছৰ আপুনি কৰা কিবা এটা ভুলৰ বিষয়ে মনত পেলাওক আৰু পৰৱৰ্তী প্ৰশ্নবোৰৰ উত্তৰ দিয়ক।
ভুলটো কি আছিল? ভুল কৰাৰ পাছত আপুনি কি কৰিলে?
  • মই লুকুৱাই ৰাখিলোঁ।
  • মই আনৰ ওপৰত দোষ জাপি দিলোঁ।
  • মই লগে লগে নিজৰ ভুল স্বীকাৰ কৰিলোঁ।
যদি আপুনি নিজৰ ভুল স্বীকাৰ কৰা নাছিল, তেনেহ’লে পাছত আপোনাৰ কেনে অনুভৱ হৈছিল?
  • মই বাছি গলোঁ।
  • যদি মই মোৰ ভুল স্বীকাৰ কৰাহেঁতেন!
এনে পৰিস্থিতিত আপুনি আৰু কি কৰিব পাৰিলেহেঁতেন?
আপুনি নিজৰ ভুলৰপৰা কি শিক্ষা পালে?

আপুনি কি ভাবে?

কিছুমান লোকে নিজৰ ভুল স্বীকাৰ কৰিবলৈ কিয় সংকোচ কৰে?
যদি আপুনি সদায় নিজৰ ভুল লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে, তেনেহ’লে আনে আপোনাৰ বিষয়ে কি ভাবিব? কিন্তু যদি আপুনি নিজৰ ভুল স্বীকাৰ কৰে, তেনেহ’লে তেওঁলোকে আপোনাৰ বিষয়ে কি ভাবিব?—লূক ১৬:১০.

Comments

Popular posts from this blog

সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?