সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?
সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?
আপুনি কি কৰিব?
কল্পনা কৰক: গৌৰৱে লক্ষ্য কৰিলে যে স্কুলৰ দুজন সহপাঠী তেওঁৰ ওচৰলৈ আহি আছে। সিহঁতক দেখি তেওঁৰ কপালত ঘাম ওলোৱা যেন অনুভৱ হ’ল। এই সপ্তাহৰ ভিতৰতে গৌৰৱক তেওঁলোকে দুবাৰ চিগাৰেট সেৱন কৰিবলৈ হেঁচা দিছে। এইবাৰ তেওঁলোকৰ তৃতীয় চেষ্টা হ’ব।
প্ৰথম ল’ৰাজনে কয়:
“আজিও অকলে? আহা মই তোমাক এজন বন্ধুৰ লগত চিনাকী কৰাই দিওঁ।”
“বন্ধু” বুলি কৈ তেওঁ চকু টিপিয়ালে আৰু নিজৰ জেপৰপৰা কিবা উলিয়াই গৌৰৱৰ ফালে আগবঢ়াই দিলে।
গৌৰৱে দেখিলে যে সেই ল’ৰাজনৰ আঙুলিৰ মাজত চিগাৰেট আছে। তেতিয়া গৌৰৱে আৰু বেছি ভয় খালে।
গৌৰৱে কয়, “ক্ষমা কৰিবা! মই তোমালোকক আগতেই কৈছোঁ যে মই . . .”
ইমানতে দ্বিতীয় ল’ৰাজনে উত্তৰ দিয়ে, “ভয় কৰিছা নেকি?”
গৌৰৱে সাহস গোটাই কয়, “নাই কৰা।”
দ্বিতীয় ল’ৰাজনে নিজৰ হাতখন গৌৰৱৰ কান্ধত থৈ লাহেকৈ কয়, “লোৱা।”
প্ৰথম ল’ৰাজনে চিগাৰেটটো গৌৰৱৰ মুখৰ ওচৰলৈ আনি কয়, “আমি কাকো নকওঁ, এই বিষয়ে কোনেও গম নাপাব।”
যদি আপুনি গৌৰৱৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?
ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!
গৌৰৱৰ বন্ধুসকলে যি কৰিছে, তাৰ বিষয়ে প্ৰকৃততে তেওঁলোকে ভাবি চাইছেনে? এইটো তেওঁলোকৰ নিজৰ নিৰ্ণয়নে? হয়তো নহয়। সাধাৰণতে তেওঁলোকে আনৰ প্ৰভাৱত পৰি এইদৰে কৰে। আনে যাতে তেওঁলোকক বন্ধু হিচাপে গ্ৰহণ কৰে, সেইবাবে তেওঁলোকেও আনৰ দৰে কৰিবলৈ ধৰে।
যদি আপোনাৰ সন্মুখত এনে পৰিস্থিতি আহি পৰে, তেনেহ’লে তাৰ বিৰুদ্ধে থিয় দিবলৈ আপুনি কি কৰিব?
- ১ আগতেই অনুমান কৰকপবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।”—হিতোপদেশ ২২:৩.কি কি সমস্যা হ’ব পাৰে তাৰ বিষয়ে আপুনি আগতিয়াকৈ কল্পনা কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি দূৰৰপৰা লক্ষ্য কৰিছে যে আপোনাৰ স্কুলৰ কেইজনমান ছাত্ৰই চিগাৰেট সেৱন কৰিছে। এতিয়া ইয়াত কি সমস্যা উদ্ভৱ হ’ব পাৰে তাৰ বিষয়ে কল্পনা কৰি আপুনি সাজু হ’ব পাৰে।
- ২ চিন্তা কৰকপবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “তোমালোকে উত্তম বিবেকো ৰাখিবা।”—১ পিতৰ ৩:১৬.নিজকে নিজে সোধক, ‘আনে কৰাৰ দৰে যদি মইও কৰোঁ, তেনেহ’লে মোৰ কেনে লাগে?’ এইটো সত্য যে অলপ সময়ৰ বাবে আপোনাৰ বন্ধুসকলে আনন্দিত হ’ব। কিন্তু পাছত আপুনি কেনে অনুভৱ কৰিব? বন্ধুসকলক আনন্দিত কৰিবলৈ আপুনি আপোনাৰ পৰিচয় হেৰুৱাবলৈ বিচাৰিব নেকি?—যাত্ৰাপুস্তক ২৩:২.
- ৩ নিৰ্ণয় লওকপবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “জ্ঞানৱান লোকে ভয় কৰি মন্দৰ পৰা আঁতৰ হয়।”—হিতোপদেশ ১৪:১৬.আজি নহয় কালি আমি নিৰ্ণয় ল’বই লাগিব আৰু আমি যি নিৰ্ণয় লম তাৰ পৰিণামো ভোগ কৰিব লাগিব। শাস্ত্ৰত এনে বহুতো লোকৰ উদাহৰণ পোৱা যায়, যিসকলে সঠিক নিৰ্ণয় লৈছিল। তাৰে ভিতৰত কেইজনমান হৈছে যোচেফ, ইয়োব আৰু যীচু খ্ৰীষ্ট। কিন্তু শাস্ত্ৰত এনে লোকসকলৰ বিষয়েও উল্লেখ আছে, যিসকলে ভুল নিৰ্ণয় লৈছিল। তেওঁলোক হৈছে কয়িন, এচৌ আৰু যিহূদা। আপুনি কি কৰিব?
পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: ‘সত্য আচৰণ কৰোঁতা’ হওক। (হিতোপদেশ ১২:২২) যদি আপুনি আগতিয়াকৈ পৰিণামৰ বিষয়ে কল্পনা কৰি নিৰ্ণয় লৈছে, তেনেহ’লে সেই নিৰ্ণয়ৰ বিষয়ে তেওঁলোকক কওক। আপুনি আচৰিত হ’ব যে এনে কৰা কিমান সহজ আৰু ইয়াৰদ্বাৰা আপুনি নিজেও আনন্দিত হ’ব।
চিন্তা নকৰিব, আপোনাৰ সহপাঠীসকলক ইয়াৰ বিষয়ে এটা ভাষণ দিয়াৰ প্ৰয়োজন নাই। সৰলভাৱে, কিন্তু স্থিৰতাৰে উত্তৰ দিলেই যথেষ্ট হ’ব। আপুনি নিজৰ নিৰ্ণয় যে সলনি নকৰে, তাৰ বিষয়ে জনাবলৈ আপুনি হয়তো এইদৰে ক’ব পাৰে:
- “মোক ক্ষমা কৰিবা।”
- “মই এনে কাম নকৰোঁ।”
- “এনেকৈ কিয় কৈছা, তুমিতো মোৰ বিষয়ে ভালদৰে জানা।”
ইয়াক সফলতাৰে পাৰ কৰিবলৈ হ’লে আপুনি লগে লগে আৰু দৃঢ় বিশ্বাসেৰে নিজৰ নিৰ্ণয় সহপাঠীসকলক জনাওক। যদি এইদৰে কৰে, তেনেহ’লে আপুনি আচৰিত হ’ব যে আপোনাৰ সহপাঠীসকলে আপোনাক হাৰাশাস্তি কৰিবলৈ এৰি দিছে।
যদি কোনোবাই আপোনাক ঠাট্টা কৰে
যদি সহপাঠীসকলে আপোনাক ঠাট্টা কৰে, তেনেহ’লে আপুনি কি কৰিব? যদি তেওঁলোকে কয়, “ভয়াতুৰ কৰবাৰ?” তেনেহ’লে বুজিবলৈ চেষ্টা কৰিব যে এয়া তেওঁলোকৰ কৌশল। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? আপোনাৰ ওচৰত অন্ততঃ দুটা উপায় আছে।
- তেওঁলোকৰ কথাত একমত হওক। (“তুমি ঠিকেই কৈছা, মোৰ ভয় লাগিছে।” তাৰ পাছত চমুকৈ ইয়াৰ কাৰণ বৰ্ণনা কৰক।)
- তেওঁলোকক ওলোটাই কওক। আপুনি এনে নকৰাৰ কাৰণ বৰ্ণনা কৰক আৰু তেওঁলোকক চিন্তা কৰিবলৈ বাধ্য কৰাওক। (“তুমিও চিগাৰেট খোৱা! মই ভাবিছিলোঁ তুমি বুদ্ধিমান হোৱা।”)
ইয়াৰ পাছতো যদি আপোনাৰ সহপাঠীসকলে ঠাট্টা কৰি থাকে, তেনেহ’লে আপুনি তাৰ পৰা আঁতৰি আহক। মনত ৰাখিব যে যেতিয়ালৈকে আপুনি তেওঁলোকৰ সন্মুখত থিয় হৈ থাকিব, তেতিয়ালৈকে আপোনাৰ ওপৰত চাপ আহি থাকিব। গতিকে, যদি আপুনি তেওঁলোকৰ ওচৰৰপৰা আঁতৰি আহে, তেনেহ’লে ই দেখুৱাব যে আপুনি তেওঁলোকৰ কথা শুনি নিজৰ পৰিচয় হেৰুৱা নাই।
বাস্তৱতে, আপুনি কেতিয়াও আপোনাৰ সমনীয়াৰ চাপৰপৰা হাত সাৰিব নোৱাৰে। কিন্তু আপুনি কি কৰিব, তাৰ নিৰ্ণয় আপুনি নিজে ল’ব লাগিব। আপুনি এনে নকৰাৰ কাৰণ বৰ্ণনা কৰক আৰু ইয়াকো স্পষ্ট কৰক যে আপুনি আনৰ কথাত নচলে। কিন্তু নিৰ্ণয় লোৱাৰ সম্পূৰ্ণ দায়িত্ব আপোনাৰ।—যিহোচূৱা ২৪:১৫.


Comments
Post a Comment