স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?

স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?


ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ
শ্ৰণীত আন আন ল’ৰা-ছোৱালীৰ সন্মুখত এজন ল’ৰাক ভয় দেখুৱা হৈছে
Add caption
আপুনি যি কৰিব, তাৰদ্বাৰা পৰিস্থিতি ভালো হ’ব পাৰে বা বেয়াও হ’ব পাৰে।

আপুনি কি কৰিব?

কল্পনা কৰক: ৰবিয়ে আজি স্কুললৈ যাবলৈ বিচৰা নাই। আনকি আগলৈও নাযাওঁ বুলি কৈছে। প্ৰায় তিনিমাহৰ আগতে কেইজনমান সহপাঠীয়ে তেওঁৰ বিষয়ে কিছুমান উৰা-বাতৰি প্ৰচাৰ কৰাৰ পাছৰেপৰা, তেওঁ এনেদৰে কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পাছত তেওঁলোকে ৰবিক বেলেগ বেলেগ নাম দি জোকাবলৈ ধৰিছে। কেতিয়াবা কেতিয়াবা ৰবিৰ হাতৰপৰা কিতাপ পেলাই দিয়ে আৰু ভুলতে হৈ গ’ল বুলি কয়। কিছুমান ল’ৰাই ৰবিক পাছফালৰপৰা ঠেলা মাৰে। কিন্তু যেতিয়ালৈকে তেওঁ ঘূৰি চাই, পাছফালে কাকো দেখা নাপায়। কিন্তু যোৱা কালি যি হ’ল, সেয়া সীমাৰ বাহিৰত আছিল। কোনোবাই ৰবিক ইন্টাৰনেটৰ যোগেদি ধমকি দিছে . . .
যদি আপুনি ৰবিৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

আপুনি নিজকে দুৰ্বল বুলি নাভাবিব। কাজিয়া নকৰাকৈ আপুনি গুণ্ডাগিৰি কৰা ব্যক্তিৰ বিৰুদ্ধে থিয় দিব পাৰিব। কেনেকৈ বাৰু?
  •  কোনো প্ৰতিক্ৰিয়া নকৰিব। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “অজ্ঞান লোকে নিজৰ আটাই ক্ৰোধ প্ৰকাশ কৰে; কিন্তু জ্ঞানৱানে তাক দমন কৰি ক্ষান্ত কৰে।” (হিতোপদেশ ২৯:১১) যদি আপুনি যিমান পাৰে সিমান ক্ষান্ত হৈ থাকে, তেনেহ’লে গুণ্ডাগিৰি কৰাজনে আপোনাক আমনি কৰিবলৈ লাহে লাহে এৰি দিব।
  • প্ৰতিশোধ নল’ব। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা।” (ৰোমীয়া ১২:১৭) প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিলে পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব।
  • সমস্যাক মাতি নানিব। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।” (হিতোপদেশ ২২:৩) যিমান সম্ভৱ হয় সমস্যা সৃষ্টি কৰিব পৰা লোকৰপৰা আঁতৰি থাকক আৰু সমস্যা সৃষ্টি কৰিব পৰা পৰিস্থিতিৰপৰা দূৰৈত থাকক।
  • এনে কাৰ্য্য কৰক যি তেওঁলোকে আশা কৰা নাই। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে।” (হিতোপদেশ ১৫:১) তেওঁলোকৰ কথা হাঁহিত উৰুৱাই দিয়ক। উদাহৰণস্বৰূপে, যদি আপোনাক কোনোবাই শকত বুলি কয়, তেনেহ’লে আপুনি এইদৰে উত্তৰ দিব পাৰে, “কেই কেজিমান কম কৰিলে হ’বনে?”
  • তাৰপৰা আঁতৰি আহক। ১৯ বছৰীয়া নোৰাই এইদৰে কয়, “যেতিয়া মনে মনে থাকে তেতিয়া আপুনি পৰিপক্ক আৰু অত্যাচাৰ কৰা ব্যক্তিজনতকৈয়ো শক্তিশালী বুলি পৰিচয় দিয়ে। এনে কৰিলে আপোনাৰ আত্মসংযম আছে, কিন্তু গুণ্ডাগিৰি কৰা ব্যক্তিজনৰ আত্মসংযম নাই বুলি প্ৰকাশ কৰিব।”—২ তীমথিয় ২:২৪.
  • নিজৰ আত্মবিশ্বাস বঢ়াওক। সাধাৰণতে গুণ্ডাগিৰি কৰা সকলে, ভয়াতুৰ আৰু ওলোটাই নোকোৱা লোকক সহজে চিনাক্ত কৰিব পাৰে। কিন্তু যদি আপুনি তেওঁলোকৰ প্ৰভাৱত পৰা নাই বুলি উমান দিয়ে, তেনেহ’লে গুণ্ডাগিৰি কৰা সকলে আপোনাক হাৰাশাস্তি কৰিবলৈ এৰি দিব।
  • কাৰোবাক কওক। আগতে স্কুলত পঢ়োৱা এগৰাকী শিক্ষয়িত্ৰীয়ে এইদৰে কয়, “যেতিয়া কোনো ছাত্ৰই গুণ্ডাগিৰি কৰা ল’ৰাৰ কবলত পৰে, মই কওঁ যে এই বিষয়ে তেওঁলোকে কাৰোবাক কোৱা উচিত। এইদৰে কৰিলে আন আন ছাত্ৰ-ছাত্ৰীসকলেও, গুণ্ডাগিৰি কৰা সকলৰপৰা ৰক্ষা পৰিব।”
এজন ল’ৰাই আত্মবিশ্বাসেৰে গুণ্ডাগিৰি কৰা ল’ৰাজনৰ সন্মুখীন হৈছে
Add caption
যদি আপোনাৰ ওচৰত আত্মবিশ্বাস আছে, তেনেহ’লে আপুনি গুণ্ডাগিৰি কৰা সকলতকৈয়ো শক্তিশালী

Comments

Popular posts from this blog

সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

মই ভুল কৰিলে কি কৰিম?