মই ভুল কৰিলে কি কৰিম?
মই ভুল কৰিলে কি কৰিম? ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ যদি আপুনি ভুলবোৰ স্বীকাৰ কৰে, তেনেহ’লে ইয়ে আপোনাক এজন দায়িত্বশীল আৰু বিশ্বাসযোগ্য ব্যক্তি হিচাপে পৰিচয় দিব। আপুনি কি কৰিব? কল্পনা কৰক: নিজৰ বন্ধুসকলৰ সৈতে টিমে খেলি আছিল। টিমে বলটো দলিয়াই মাৰোতে চুবুৰীয়াৰ গাড়ীখনত লাগিল আৰু তাৰ গ্লাচখন ভাঙিল। যদি আপুনি টিমৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন? ক্ষন্তেক ৰওক আৰু চিন্তা কৰক! আপোনাৰ ওচৰত তিনিটা উপায় আছে: ১. পলোৱা। ২. আনৰ ওপৰত দোষ জাপি দিয়া। ৩. চুবুৰীয়াক নিজৰ ভুল স্বীকাৰ কৰি, জৰিমনা দিবলৈ সাজু আছে বুলি জনোৱা। আপুনি হয়তো প্ৰথম উপায়টো পালন কৰিবলৈ প্ৰলোভিত হ’ব। গাড়ীৰ গ্লাচ ভঙাই হওক বা অন্য কোনো বিষয়েই নহওক কিয়, নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিণাম সদায় ভাল হয়। ভুল স্বীকাৰ কৰাৰ তিনিটা কাৰণ ১. এনে কৰাটো উচিত। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।”— ইব্ৰী ১৩:১৮ . ২. যি লোকসকলে নিজৰ ভুল স্বীকাৰ কৰে, আনে তেওঁলোকক সহজে ক্ষমা কৰে। পবিত্ৰ শাস্ত্ৰই ব...