Posts

Showing posts from February, 2018

মই ভুল কৰিলে কি কৰিম?

Image
মই ভুল কৰিলে কি কৰিম? ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ যদি আপুনি ভুলবোৰ স্বীকাৰ কৰে, তেনেহ’লে ইয়ে আপোনাক এজন দায়িত্বশীল আৰু বিশ্বাসযোগ্য ব্যক্তি হিচাপে পৰিচয় দিব। আপুনি  কি কৰিব? কল্পনা কৰক: নিজৰ বন্ধুসকলৰ সৈতে টিমে খেলি আছিল। টিমে বলটো দলিয়াই মাৰোতে চুবুৰীয়াৰ গাড়ীখনত লাগিল আৰু তাৰ গ্লাচখন ভাঙিল। যদি আপুনি টিমৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন? ক্ষন্তেক ৰওক আৰু চিন্তা কৰক! আপোনাৰ ওচৰত তিনিটা উপায় আছে: ১.  পলোৱা। ২.  আনৰ ওপৰত দোষ জাপি দিয়া। ৩.  চুবুৰীয়াক নিজৰ ভুল স্বীকাৰ কৰি, জৰিমনা দিবলৈ সাজু আছে বুলি জনোৱা। আপুনি হয়তো প্ৰথম উপায়টো পালন কৰিবলৈ প্ৰলোভিত হ’ব। গাড়ীৰ গ্লাচ ভঙাই হওক বা অন্য কোনো বিষয়েই নহওক কিয়, নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিণাম সদায় ভাল হয়।   ভুল স্বীকাৰ কৰাৰ তিনিটা কাৰণ ১.   এনে কৰাটো উচিত। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে: “সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।”— ইব্ৰী ১৩:১৮ . ২.   যি লোকসকলে নিজৰ ভুল স্বীকাৰ কৰে, আনে তেওঁলোকক সহজে ক্ষমা কৰে। পবিত্ৰ শাস্ত্ৰই ব...

স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?

Image
স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ? ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ Add caption আপুনি যি কৰিব, তাৰদ্বাৰা পৰিস্থিতি ভালো হ’ব পাৰে বা বেয়াও হ’ব পাৰে। আপুনি  কি কৰিব? কল্পনা কৰক: ৰবিয়ে আজি স্কুললৈ যাবলৈ বিচৰা নাই। আনকি আগলৈও নাযাওঁ বুলি কৈছে। প্ৰায় তিনিমাহৰ আগতে কেইজনমান সহপাঠীয়ে তেওঁৰ বিষয়ে কিছুমান উৰা-বাতৰি প্ৰচাৰ কৰাৰ পাছৰেপৰা, তেওঁ এনেদৰে কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পাছত তেওঁলোকে ৰবিক বেলেগ বেলেগ নাম দি জোকাবলৈ ধৰিছে। কেতিয়াবা কেতিয়াবা ৰবিৰ হাতৰপৰা কিতাপ পেলাই দিয়ে আৰু ভুলতে হৈ গ’ল বুলি কয়। কিছুমান ল’ৰাই ৰবিক পাছফালৰপৰা ঠেলা মাৰে। কিন্তু যেতিয়ালৈকে তেওঁ ঘূৰি চাই, পাছফালে কাকো দেখা নাপায়। কিন্তু যোৱা কালি যি হ’ল, সেয়া সীমাৰ বাহিৰত আছিল। কোনোবাই ৰবিক ইন্টাৰনেটৰ যোগেদি ধমকি দিছে . . . যদি আপুনি ৰবিৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন? ক্ষন্তেক ৰওক আৰু চিন্তা কৰক! আপুনি নিজকে দুৰ্বল বুলি নাভাবিব। কাজিয়া নকৰাকৈ আপুনি গুণ্ডাগিৰি কৰা ব্যক্তিৰ বিৰুদ্ধে থিয় দিব পাৰিব। কেনেকৈ বাৰু?   কোনো প্ৰতিক্ৰিয়া...

সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

Image
সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম? Add caption সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম? ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ যেতিয়া আপুনি নিজৰ নিৰ্ণয় নিজে লয়, তেতিয়া আপুনি নিজৰ জীৱনক নিজে পৰিচালনা কৰে, আনে নহয়। আপুনি  কি কৰিব? কল্পনা কৰক: গৌৰৱে লক্ষ্য কৰিলে যে স্কুলৰ দুজন সহপাঠী তেওঁৰ ওচৰলৈ আহি আছে। সিহঁতক দেখি তেওঁৰ কপালত ঘাম ওলোৱা যেন অনুভৱ হ’ল। এই সপ্তাহৰ ভিতৰতে গৌৰৱক তেওঁলোকে দুবাৰ চিগাৰেট সেৱন কৰিবলৈ হেঁচা দিছে। এইবাৰ তেওঁলোকৰ তৃতীয় চেষ্টা হ’ব। প্ৰথম ল’ৰাজনে কয়: “আজিও অকলে? আহা মই তোমাক এজন বন্ধুৰ লগত চিনাকী কৰাই দিওঁ।” “বন্ধু” বুলি কৈ তেওঁ চকু টিপিয়ালে আৰু নিজৰ জেপৰপৰা কিবা উলিয়াই গৌৰৱৰ ফালে আগবঢ়াই দিলে। গৌৰৱে দেখিলে যে সেই ল’ৰাজনৰ আঙুলিৰ মাজত চিগাৰেট আছে। তেতিয়া গৌৰৱে আৰু বেছি ভয় খালে। গৌৰৱে কয়, “ক্ষমা কৰিবা! মই তোমালোকক আগতেই কৈছোঁ যে মই . . .” ইমানতে দ্বিতীয় ল’ৰাজনে উত্তৰ দিয়ে, “ভয় কৰিছা নেকি?” গৌৰৱে সাহস গোটাই কয়, “নাই কৰা।” দ্বিতীয় ল’ৰাজনে নিজৰ হাতখন গৌৰৱৰ কান্ধত থৈ লাহেকৈ কয়, “লোৱা।”...

পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?

Image
পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব? Add caption   প্ৰশ্ন ১০ পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব? ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে যে “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” ( ২ তীমথিয় ৩:১৬ ) যদি এয়া সত্য হয়, তেনেহ’লে পবিত্ৰ শাস্ত্ৰই আপোনাক প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়াব পাৰিব। আপুনি  কি কৰিব? কল্পনা কৰক: দীপে গাড়ী চলাই চলাই এনে এখন ঠাইত উপস্থিত হয়, য’ত কোনো বস্তুৱেই তাৰ বাবে চিনাকী নাছিল। ৰাস্তাত লগোৱা বোৰ্ডৰপৰা সি বুজিব পাৰিলে যে সি ভুল পথলৈ গৈ আছে। দীপে ৰাস্তা হেৰুৱালে। হয়তো কোনোবা এটা কেঁকুৰিত সি ভুল পথ বাছনি কৰিলে। যদি আপুনি দীপৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন? ক্ষন্তেক ৰওক আৰু চিন্তা কৰক! গন্তব্যস্থান পাবলৈ আপোনাৰ ওচৰত কেইবাটাও উপায় আছে: ১.  সঠিক ৰাস্তাৰ বিষয়ে কাৰোবাক সোধক। ২.  মানচিত্ৰ বা জী.পী.এচৰ সহায় লওক। ৩.  যিকোনো উপায়েৰে গন্তব্যস্থান পাম বুলি গাড়ী চলাই থাকক। নিঃসন্দেহ তৃতীয় উপায়টো  ব্যৱহাৰিক  নহ’ব। দ্বিতীয় উপায়টো প্ৰথমটোতকৈ বেছি...