যদি মোক কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰে, তেনেহ’লে মই কি কৰিম?

যদি মোক কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰে, তেনেহ’লে মই কি কৰিম?
 প্ৰশ্ন ৭

যদি মোক কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰে, তেনেহ’লে মই কি কৰিম?

ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ
আপুনি যি নিৰ্ণয় ল’ব তাৰ প্ৰভাৱ আপোনাৰ ভৱিষ্যতৰ ওপৰত পৰিব।

আপুনি কি কৰিব?

কল্পনা কৰক: হেনাই মিতেচক লগ পোৱা কেৱল দুমাহমানহে হৈছে। কিন্তু তাই মিতেচক বহু বছৰৰপৰা চিনি পোৱা যেন অনুভৱ কৰে। তেওঁলোকে সকলো সময়তে এজনে-আনজনক মেচেজ কৰে আৰু ঘন্টাৰ পিছত ঘন্টা ধৰি ফোনত কথা পাতি থাকে। তেওঁলোকে একো নোকোৱাকৈয়ে এজনে-আনজনৰ মনৰ কথা বুজিব পৰা হৈছে। কিন্তু এতিয়া মিতেচে কথা-বতৰাৰ উপৰিও আন কিবা বিচাৰে।
বিগত দুই মাহৰ ভিতৰত হেনা আৰু মিতেচে এজনে-আনজনৰ কেৱল হাত ধৰা-ধৰি কৰিছে আৰু চুমা খাইছে। হেনাই ইয়াতকৈ আৰু আগত যাব বিচৰা নাই। কিন্তু তাই মিতেচক হেৰুৱাবও বিচৰা নাই। মিতেচৰ দৃষ্টিত হেনাই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ছোৱালী। তাই নিজকে নিজে কয়, ‘আমি এজনে-আনজনৰ প্ৰেমত পৰিছোঁ . . .’
যদি আপোনাৰ বয়স ডেটিং কৰাৰ বাবে উপযোগী হয় আৰু হেনাৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

এটা সুন্দৰ চোলাক পৰিস্কাৰ কৰা কামত ব্যৱহাৰ কৰা হৈছে
যৌন সম্পৰ্ক বিবাহিত লোকসকলৰ বাবে ঈশ্বৰে দিয়া এক উপহাৰ। বিবাহৰ আগতে যৌন সম্পৰ্কত লিপ্ত হৈ, এই উপহাৰক অৱমাননা নকৰিব। যদি আপুনি এইদৰে কৰে, তেনেহ’লে আপোনাক কোনোবাই দিয়া সুন্দৰ চোলাটো, আপুনি আইনা মোচাৰ কামত ব্যৱহাৰ কৰা যেন হ’ব
যদি আপুনি মধ্যাকৰ্ষণ শক্তিৰ বিৰুদ্ধে কাম কৰে, তেনেহ’লে তাৰ পৰিণাম ভোগ কৰিব লাগিব। ঠিক সেইদৰে, নৈতিকতাৰ বাবে দিয়া আজ্ঞাক উলংঘন কৰি বিবাহৰ আগতে যৌন কাৰ্য্যত লিপ্ত হয়, তেনেহ’লে তাৰ পৰিণামো ভোগ কৰিব লাগিব।—১ থিচলনীকীয়া ৪:৩.
ঈশ্বৰৰ এই আজ্ঞা উলংঘন কৰাৰ পৰিণাম কি হ’ব পাৰে? পবিত্ৰ শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে: “যি কোনোৱে ব্যভিচাৰ কৰে, সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে।” (১ কৰিন্থীয়া ৬:১৮) ই কিদৰে সম্ভৱ?
 বিশেষজ্ঞসকলে কয় যে যিসকলে বিবাহৰ আগতে যৌন কাৰ্য্যত লিপ্ত হৈছিল, তেওঁলোকৰ জীৱন বিভিন্ন সমস্যাৰ মাজেদি পাৰ হৈছিল।
  • দুখিত হোৱা। বিবাহৰ আগত যৌন কাৰ্য্যত জড়িত হোৱা বহুতো যুৱক-যুৱতীয়ে পাছলৈ অনুশোচনা কৰে।
  • ভৰসা উঠি যোৱা। যৌন সম্পৰ্কৰ পাছত দুয়োজনে এজনে-আনজনৰ ওপৰত এইদৰে সন্দেহ কৰে, ‘মোৰ উপৰিও আন কাৰোবাৰ লগত যৌন সম্পৰ্ক কৰা নাইতো?’
  • নিৰাশ হোৱা। বেছি ভাগ ছোৱালীয়ে এনে এজন ব্যক্তিৰ লগত বিবাহ হ’ব বিচাৰে যিয়ে তেওঁলোকৰপৰা সুবিধা লোৱাৰ পৰিৱৰ্তে, তেওঁলোকক সুৰক্ষা দিব। বেছি ভাগ ল’ৰাই অনুভৱ কৰে যে যদি কোনো ছোৱালীয়ে বিবাহৰ আগত যৌন কাৰ্য্যত লিপ্ত হৈছে, তেনেহ’লে তেওঁলোকে তাইৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে।
  • মনত ৰাখিব: যদি আপুনি বিবাহৰ আগত যৌন কাৰ্য্যত লিপ্ত হয়, তেনেহ’লে আপুনি কিবা বহুমূলীয়া বস্তু হেৰুৱা যেন হ’ব আৰু নিজৰ দৃষ্টিত মূল্যহীন হৈ পৰিব। (ৰোমীয়া ১:২৪) আপোনাৰ শৰীৰ অতি মূল্যৱান, তাক অন্যৰ হাতত সহজে তুলি নিদিব।
আপোনাৰ “ব্যভিচাৰৰ পৰা পৃথকে” থকাৰ যি সাহস আছে তাক প্ৰকাশ কৰক। (১ থিচলনীকীয়া ৪:৩) যেতিয়া আপুনি ভৱিষ্যতে বিবাহ বন্ধনত আৱদ্ধ হ’ব, তেতিয়া আপুনি যৌন সম্বন্ধ ৰাখিব পাৰিব। সেইসময়ত আপোনাৰ কোনোধৰণৰ চিন্তা, অনুশোচনা আৰু ভয় নাথাকিব, যি সাধাৰণতে বিবাহৰ আগত যৌন কাৰ্য্যত জড়িত হ’লে উৎপন্ন হয়।—হিতোপদেশ ৭:২২, ২৩;১ কৰিন্থীয়া ৭:৩.

 আপুনি কি ভাবে?

  • আপোনাৰ প্ৰতি যাৰ সঁচা প্ৰেম আছে, তেওঁ আপোনাৰ শৰীৰ আৰু ভাৱনাক আঘাত কৰিবনে?
  • যিয়ে আপোনাক সঁচাকৈ যত্ন লয়, তেওঁ ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক বিচ্ছিন্ন কৰিব পৰা কাৰ্য্য কৰিবলৈ আপোনাক ফুচুলাবনে?—ইব্ৰী ১৩:৪.


Comments

Popular posts from this blog

সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?

মই ভুল কৰিলে কি কৰিম?